thumbnail

By

Published : Apr 3, 2022, 9:40 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

ডিফুত বলেৰ' আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ: নিহত 2, আহত 1

দেওবাৰে বিয়লিৰ ভাগত ডিফু-মাঞ্জা পথৰ পাঁচ মাইলত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Diphu) ৷ প্ৰাপ্ত তথ্য অনুসৰি, মাঞ্জাৰ পৰা তীব্ৰ বেগে আহি থকা এএছ ০৯ ডি ০৩০১ নম্বৰৰ বলেৰ' গাড়ীখনে মাঞ্জা অভিমুখে গৈ থকা আপাচি আৰটিআৰ ২০০-৪ ভি মটৰ চাইকেল খনত খুন্দা মাৰে ৷ ফলত মটৰ চাইকেলখনৰ চালকজন থিতাতে নিহত হয় ৷ নিহত ব্যক্তিজন পাঁচ মাইলৰ চন্দন ৰায় বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনত আৰোহী হিচাপে অহা আন দুজন যুৱক গুৰুতৰ ভাৱে আহত হয় ৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত আহত দুয়োজন যুৱককে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও মাজ ৰাস্তাতে আহত এজন আৰোহীৰ মৃত্যু হয় ৷ বাতৰি লিখা পৰলৈকে মাজ ৰাস্তাতে নিহত হোৱা যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ ইফালে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় ডিফু আৰক্ষী আৰু আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷ তথ্য অনুসৰি, এই দুৰ্ঘটনা সংঘটিত কৰিয়েই বলেৰ' খনৰ চালকে সেই স্থানৰ পৰা পলায়ন কৰে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.