জুবিন-পাপনৰ গীত আৰু কেকে-মোহনৰ কৌতুকেৰে মুখৰিত হ’ব টিংখাং
🎬 Watch Now: Feature Video
টিংখাঙত উপস্থিত হ’ল অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্ত আৰু জুবিন গাৰ্গ (Zubeen Papon latest news) ৷ অসম পৰ্যটন নিগমে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠান মুখৰিত হৈ পৰিব দুয়োগৰাকী শিল্পীৰ সুললিত কণ্ঠত ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙত অসম পৰ্যটন নিগমৰ এই বিশেষ অনুষ্ঠানটোত লগতে অংশগ্ৰহণ কৰিব অসমৰ অতিকে জনপ্ৰিয় দুজন অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি কেওঁটে (Assamese celebrities to attend bohag bihu fest)৷ আটাইকৈ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় ৷ বিহু নৃত্যৰ লগতে আন থলুৱা নৃত্য লগতে ঢোল বাদনেৰে মুখৰিত হৈ পৰে বিমান বন্দৰৰ চৌহদ ৷ সকলোৱে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা (Bohag bihu wishes) জনোৱাৰ লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ ওলগ যাচে ৷