thumbnail

অৰ্থনৈতিক সংকটৰ ফলতেই বাঢ়িছে টেক্স: জুবিন গাৰ্গ

By

Published : Oct 9, 2022, 10:48 PM IST

"টেক্স অলপ বাঢ়িবই । কাৰণ কৰ’ণা মহামাৰীৰ পিচত অৰ্থনৈতিক সংকটে দেখা দিছিল সমগ্ৰ পৃথিৱীতে(Taxes have increased due to economic crisis) । গতিকে অলপ দিন আমি টেক্স বেছিকৈ দিব লাগিব । লাহে লাহে সকল ঠিক হৈ যাব" এই মন্তব্য হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ । দেওবাৰে ৰহাৰ ফুলগুৰিত এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিবলৈ আহি এই মন্তব্য কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে । ৰহাৰ ফুলগুৰিৰ দীপজ্যোতি দেউৰী নামৰ যুৱকজনে প্ৰতিষ্ঠা কৰা DM FITNESS GYM নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰি এই কেন্দ্ৰৰ জৰিয়তে শৰীৰ চৰ্চা কৰি স্থানীয় যুৱক-যুৱতীসকল উপকৃত হ'ব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে(Zubin Garg inaugurates bodybuilding centre) । উল্লেখ্য যে জুবিন গাৰ্গ উপস্থিত হোৱাৰ লগে লগেই উপস্থিত লোকসকলে জুবিন গাৰ্গৰ লগত ছেলফি ল'বলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.