পুনৰ শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে যুৱকে

By

Published : Jul 14, 2022, 3:36 PM IST

thumbnail
চুইচাইড পইন্টত পৰিণত হৈছে শৰাইঘাট দলং (Saraighat bridge turn in to suicide point) । তিনিদিন পূৰ্বে গুৱাহাটীৰ শৰাইঘাটৰ প্ৰথমখন দলঙৰ পৰা জনচক্ষুৰ সন্মুখতে ব্ৰহ্মপুত্ৰত আত্মজাহ দিছিল বৰপেটাৰ এজন যুৱকে (Suicide in Saraighat bridge) ৷ এই চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে পুনৰ এক অঘটন সংঘটিত হৈছে শৰাইঘাটত । AS 01 EW 6046 নম্বৰৰ স্কুটী লৈ অহা এজন যুৱকে দলঙৰ ঠিক মাজ অংশৰ পৰাই লুইতত জাঁপ দিয়ে (Guwahati boy committed suicide in Saraighat) । জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ভাগত স্কুটী চলাই শৰাইঘাটলৈ আহিছিল যুৱকজন । তাৰ পিছত যুৱকজনে স্কুটীখন ৰখাই অতৰ্কিতে লুইতৰ বুকুত জঁপিয়াই দিয়ে । পিছত নদী আৰক্ষী বাহিনীয়ে নদীৰ সোঁতত উটি যোৱা যুৱকজনক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয় । মৃত যুৱকজন গুৱাহাটীৰ বামুনীমৈদাম ৰেলৱে কলনীৰ বাসিন্দা ৰিন্টু বৰুৱা বুলি জানিব পৰা গৈছে । বুধবাৰে নিশা পিতৃ-মাতৃৰ লগত কোনো কথাত কাজিয়া লাগিছিল ৰিন্টুৰ । বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰিন্টু বৰুৱাই খং কৰি নিজৰ স্কুটীখন লৈ ঘৰৰ পৰা ওলাই যায় । তাৰ পাচতেই ৰিন্টুৱে সংঘটিত কৰে এই কাণ্ড ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.