ঋণৰ বোজা সহিব নোৱাৰি শৰাইঘাট দলঙৰ পৰা ব্ৰক্ষ্মপুত্ৰত জাঁপ যুৱকৰ

By

Published : Jun 3, 2022, 9:04 PM IST

thumbnail
নতুন শৰাইঘাট দলঙত বৃহস্পতিবাৰৰ নিশা সংঘটিত এক অঘটন । নয়নজ্যোতি তালুকদাৰ নামৰ এজন যুৱকে দলঙৰ পৰা জঁপিয়াই বাছি ললে আত্মহত্যাৰ পথ(Youth commits suicide from Saraighat bridge) । যুৱকজনৰ ঘৰ ৰূপনগৰত বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সুত্ৰত প্ৰকাশ পোৱা মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই নয়নজ্যোতিয়ে বাচি ল'লে আত্মহত্যাৰ পথ। দলঙৰ মাজত নিজৰ বাহন ৰখাই নয়নজ্যোতিয়ে নদীত জাঁপ দিছিল বুলি সন্দেহ কৰা হৈছে । উদ্ধাৰ হোৱা বাহন খনৰ নম্বৰ AS01 DS 9533 । ইতিমধ্যে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এখন এজাহাৰ । মাতৃ অঞ্জলি তালুকদাৰে জনোৱা মতে নয়নজ্যোতি বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল । আৰক্ষীয়ে বাহনখনৰ লগতে এটা মোবাইল ফোন, এটা মানি বেগ আৰু তেওঁৰ driving license খন উদ্ধাৰ কৰিছে । অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই যুবকজনৰ মৃতদেহ ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.