ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড় দিৱস পালন - ওৰাং ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16444774-thumbnail-3x2-ngjt.jpg)
আজি বিশ্ব গড় দিৱস (World Rhino day 2022) ৷ সমগ্ৰ বিশ্বতে গড়ৰ পাঁচোটা প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 22 ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় (World Rhino day 2022 celebretion) ৷ গঁড়ৰ এই পাঁচটা প্ৰজাতি হ’ল- সুমাত্ৰীয় গঁড়, এশিঙীয়া গঁড়, ক’লা গঁড়, জাভান গঁড়, আৰু শুকুলা গঁড় ৷ গঁড় দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত (Orang National Park in Darrang) বিশ্ব গড় দিৱস পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি ওৰাং সভাগৃহত গড় সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ এখন সভাও অনুষ্ঠিত হয় ৷ সভাত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰে । সভাত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা, এচিএফ ৰাজীৱ হাজৰিকা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজ উপস্থিত থাকে ।