হাবিৰ পৰা মহানগৰীৰ ৰাজপথ পালেহি গজৰাজ - সেনা চাউনি
🎬 Watch Now: Feature Video
ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অৰণ্য ধ্বংসৰ ফলত প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তীৰ জাক ওলাই আহে আৰু জনাঞ্চলত তাণ্ডৱ সৃষ্টি কৰে বন্যহস্তীয়ে ৷ বুধবাৰে মহানগৰীৰ সাতগাঁওস্থিত সেনা চাউনিৰ সমীপত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে । সাতগাঁও সেনা চাউনীৰ সমীপৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি সেনা চাউনি হৈ সাতগাঁও বজাৰত প্ৰৱেশ কৰে হাতীটোৱে । বজাৰখনত খাদ্য-সামগ্ৰী বিচাৰি কেইবাঘণ্টা জুৰি সন্ত্ৰাস চলাই হাতীটোৱে কেইবাখনো দোকান-পোহাৰ তথা বাসগৃহৰ ক্ষতিসাধন কৰে । স্থানীয় ৰাইজে বন বিভাগৰ কৰ্মচাৰীক ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও, বন বিভাগৰ লোক অহাৰ পূৰ্বেই স্থানীয় ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয় হাতীটো । উল্লেখ্য যে, অঞ্চলটোত প্ৰায়েই এনেদৰে বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰে ৷ কিন্তু বন বিভাগৰ পৰা আজিলৈকে কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই অঞ্চলবাসীয়ে ।
Last Updated : Jun 9, 2021, 4:40 PM IST