বন্যহস্তীৰ উপদ্ৰৱৰ ফলত কলিয়াবৰৰ বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন

By

Published : Aug 26, 2022, 1:55 PM IST

thumbnail

ৰাজ্যজুৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কলিয়াবৰৰ কেইবাটাও অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে (Elephant menace in Nagaon)। যোৱা নিশাও কলিয়াবৰৰ বৰভকতি গাঁৱৰ দুঘৰত বন্যহস্তীয়ে তাণ্ডৱ চলায় । বন্যহস্তীৰ এই তাণ্ডৱৰ সময়তে কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ । পূৰ্বৰে পৰা এখন হাত ভঙা অৱস্থাত থকা বিৰজা গোঁহাই নামৰ মহিলাগৰাকী বিচনাত শুই থকা অৱস্থাতে এটা বন্যহস্তীয়ে আক্ৰমণ চলাই ঘৰ-দুৱাৰ ভাঙি ঘৰখনৰ বিস্তৰ ক্ষতি সাধন কৰে (Wild elephant attack in Kaliabar) ৷ দিন হাজিৰা কৰি কোনোমতে সজা ঘৰখন হাতীয়ে ভাঙি পেলোৱাৰ পাছত কান্দোনত ভাগি পৰে মহিলাগৰাকী । কেনেকৈ পুনৰ ঘৰখন বনাব তাকে লৈ চিন্তিত হৈ পৰিছে । আনহাতে বন বিভাগক বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.