নলবাৰীৰ গোপালবজাৰ দুৰ্গা মন্দিৰত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ

By

Published : Oct 5, 2022, 2:19 PM IST

thumbnail
আজি বিজয়া দশমী (Maha Dashami 2022) । প্ৰতি বছৰে ষষ্ঠীৰ দিনা বিধি অনুসৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱীৰ প্ৰতিমা বিজয়া দশমীৰ দিনা দুখ ভৰা নয়নেৰে ভক্তই বিসৰ্জন দিয়ে (Durga Puja 2022) । এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো বিজয়া দশমীৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । জিলাখনৰ গোপালবজাৰ দুৰ্গা মন্দিৰতো বিজয়া দশমীৰ দিনা মহিলা সকলৰ পৰাম্পৰাগত সেন্দুৰৰ খেল খেলি মা দেৱীক বিদায় জনায় ৷ ষষ্ঠীৰ পৰা নৱমীলৈ দেশ তথা পূজা মণ্ডপখনত বিৰাজ কৰা উৎসৱমুখৰ মাদকতাই যেন শাম কাটে বিজয়া দশমীৰ দিনা (Vijaya dashami celebration in Nalbari) ৷ ইফালে পাগলদিয়াৰ সন্ধা ঘাটকে ধৰি কেইবাটাও স্থানত দেৱী বিৰ্সজন দিবলৈ সাজু কৰি নিৰাপত্তা কটকটীয়া কৰি তুলিছে নলবাৰী জিলা প্ৰশাসনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.