বন্যাৰ্তৰ আৰ্তনাদ : লাওখোৱাত অপৰিবৰ্তিত বান পৰিস্থিতি - Flood in Nagaon
🎬 Watch Now: Feature Video

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত লাওখোৱাত চতুৰ্থ দিনাও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি(Flood in Nagaon)৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ভূৰবন্ধা আৰু ভগামুখকে আদি কৰি কেবাটাও অঞ্চল(Unchanged flood situation in Samguri) । বানত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহ, হাজাৰ হাজাৰ কৃষিভূমি আৰু কেবাখনো বিদ্যালয় । সম্প্ৰতি বান পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ আশংকাত ভূগিছে ভূৰবন্ধা, ভগামুখৰ অধিকাংশ পৰিয়াল প্ৰাণৰ ভয়ত ঘৰ দুৱাৰ এৰি নিৰাপদ স্থান বিচাৰি আশ্ৰয় লৈছে শিলঘাট-ডিং মথাউৰিত । ইফালে, মঙলবাৰে বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বিষয়ে বুজ ল'লে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, জিলা প্ৰভাৰী ৰিতু বৰণ শৰ্মাই । আনহাতে, চামগুৰি ৰাজহ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথে বানাক্ৰান্ত ৰাইজৰ মাজত চৰকাৰী বান সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত তদাৰক কৰা পৰিলক্ষিত হয় ।
TAGGED:
Flood in Nagaon