নাগৰিকত্ব সংশোধনী আইন খনক ন্যায়ালয়ত টিকাই ৰখা সহজ নহ'বঃ উদয়াদিত্য ভৰালী - undefined
🎬 Watch Now: Feature Video

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিক লৈ ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ মন্তব্য । ৰাজ্যৰ সংকটৰ সময়ত প্ৰতি মুহূৰ্ততে মাত মাতি অহা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰে পৰা এনে এক পৰিস্থিতি অনুধাৱন কৰিছিল তেওঁ । নাগৰিকত্ব সংশোধনী আইন খনক ন্যায়ালয়ত টিকাই ৰখা সহজ নহ'ব বুলি কলে তেওঁ । লগতে ভাৰতৰ ন্যায়ালয়ৰ ওপৰত থকা আস্থা প্ৰতিষ্ঠিত হৈছে বুলি জানিবলৈ দিলে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে । চৰকাৰী ব্যৱস্থাক গণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে চৰকাৰে দাম্ভিকতাৰে ৰাইজৰ আগত কথা কোৱাৰ আচৰণক সমালোচনা কৰে তেওঁ । লগতে ভৱিষ্যত প্ৰজন্মই আজিৰ ভুলৰ কষ্ট ভুগিব লাগিব যাৰ ফলত ভৱিষ্যত প্ৰজন্মই দোষাৰোপ কৰিব বয়ো জ্যেষ্ঠ সকলক এই কথাও সংবাদমাধ্যৰ আগত প্ৰকাশ কৰে উদয়াদিত্য ভৰালীয়ে ।
Last Updated : Jan 23, 2020, 1:31 PM IST