কোকৰাঝাৰৰ দুখন ঘৰত কান্দোনৰ ৰোল : ঘৰৰ ল’ৰা জংঘললৈ যোৱাৰ সন্দেহ - কেএল অত যোগদান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2022, 10:53 PM IST

কোকৰাঝাৰৰ দুই যুৱকে কেএলঅ’ত যোগদান কৰাৰ সন্দেহ (two youth from kokrajhar suspect to join in KLO) ৷ কোকৰাঝাৰৰ নাতি দূৰৈৰ উত্তৰ চৰাইখোলাৰ দুগৰাকীকৈ যুৱক দুদিন পূৰ্বে কেএল অ' ত যোগদানৰ বাবে সদূৰ ম্যানমাৰত উপস্থিত হোৱা খবৰে চিন্তিত কৰি তুলিছে দুটাকৈ দৰিদ্ৰ পৰিয়ালক । উত্তৰ চৰাইখোলাৰ নিবাসী খেতিয়ক সুবাস বৰ্মনৰ ১৬ বছৰীয়া পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ বিষ্ণু বৰ্মন আৰু গাঁওখনৰে অন্য এজন যুৱক বিপ্লৱ বৰ্মন দুয়োজনে একেলগে মিলি কেএল অ'লৈ ঢাপলি মেলাৰ খবৰ পোৱা গৈছে । ইয়াৰে বিপ্লৱ বৰ্মন পেচাত গাড়ী চালক ৷ ঘৰৰ লৰা কেএল অ'ত যোগদানৰ খবৰ পাই গাঁওখনৰ দুয়োটা পৰিয়াল শোকত ভাগি পৰিছে আৰু দুয়োজনকে পৰিয়ালৰ কুশলৰ স্বাৰ্থত নিজ ঘৰলৈ উভতি অহাৰ কাতৰ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.