নিশা হালোৱাটিঙত জব্দ বালিভৰ্তি ডাম্পাৰ - শিৱসাগৰৰ হালোৱাটিঙত নিশা দুখন বালিভৰ্তি ডাম্পাৰ জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16091598-966-16091598-1660377309427.jpg)
শিৱসাগৰত বৰ্তমানেও অবাধে চলি আছে অবৈধ বালিৰ সৰবৰাহ(Smuggling of sand in Sivasagar) । শিৱসাগৰৰ হালোৱাটিঙত নিশা জব্দ দুখন বালিভৰ্তি ডাম্পাৰ । আমগুৰি আৰু হালোৱাটিং বন বিভাগৰ যৌথ অভিযানত জব্দ কৰা হয় অবৈধ বালিভৰ্তি ডাম্পাৰ দুখন । জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ AS-06-BC-7639 আৰু AS-04-BC-5519 । আমগুৰিৰ বালি মাফিয়া ৰাহুল জালানৰ নেতৃত্বত সৰবৰাহ হৈছিল বালিভৰ্তি ডাম্পাৰ দুখন । বন বিভাগে আটক কৰিছে ডাম্পাৰৰ চালক উদয়াদিত্য বৰা আৰু ভূবন সিনহাক । মৰিয়নীৰ চেলেংহাট, টেঙাবাৰী অঞ্চলৰ পৰা সৰবৰাহ হৈছিল বালিখিনি । উল্লেখ্য যে দীৰ্ঘদিন ধৰি আমগুৰি নগৰৰ ব্যৱসায়ী ৰাহুল জালানে অবৈধভাৱে নথি-পত্ৰ নোহোৱাকৈ যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাট, টেঙাবাৰী অঞ্চলৰপৰা বালি সৰবৰাহ কৰি থকা বুলি দীৰ্ঘদিনে অভিযোগ উত্থাপন হৈ আহিছিল ।