বলেৰ' বাহনত চোৰাং কণ্ডেনচেট তেলসহ দুজনক আটক - চোৰাং তেল সৰবৰাহকাৰী ঘাটি
🎬 Watch Now: Feature Video
চোৰাং তেলৰ সৰবৰাহ ৰোধ কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে যদিও ডিব্ৰুগড়ৰ চোৰাং তেল সৰবৰাহকাৰীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হোৱা নাই(Oil theft racket in Assam) । আজি দুলীয়াজানত আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযান চলে চোৰাং তেল সৰবৰাহকাৰীৰ বিৰুদ্ধে (Operation against oil thief)। দুলীয়াজানৰ মধুটিঙত আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই এখন বলেৰ' বাহনত বুজন পৰিমাণৰ অইলৰ চোৰাং কণ্ডেনচেট তেলসহ দুটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় (Condensate oil seized at Duliajan)। ধৃত তেল চোৰ দুটা ক্ৰমে দীপক চাংমাই আৰু দীপ হাজৰিকা বুলি জানিব পৰা গৈছে । ইয়াৰে ধৃত দীপক চাংমাইৰ ঘৰ শিৱসাগৰৰ ডিমৌত আৰু ধৃত দীপ হাজৰিকাৰ ঘৰ কাকপথাৰৰ ডিৰাক অঞ্চলত বুলি আৰক্ষীয়ে সদৰী কৰিছে । উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে দুলীয়াজানত বিলাসী বাহনত উদ্ধাৰ কৰিছিল কেইবা হাজাৰ লিটাৰ চুৰি কণ্ডেনচেট তেল ৷