হোজাইত পথ দুৰ্ঘটনাত শিশুসহ যুৱকৰ মৃত্যু

By

Published : Aug 30, 2022, 10:49 PM IST

thumbnail
হোজাই জিলাৰ লংকাত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত এটি শিশু আৰু এজন যুৱকৰ মৃত্যু হয় (Two died in road accident in Hojai)। লংকাৰ খাৰিখানাৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত AS 02 CC 9663 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনৰ খুন্দাত এটি সাত বছৰীয়া শিশুৰ মৃত্যু হয় (Child died in raod accident)। শিশুটি আফাজ আলম বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰে যদিও পশ্চিম কার্বি আংলং জিলাৰ খেৰণিত আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰে । ইফালে বিয়লি চাৰিমান বজাত লংকাৰ ভালুকমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ অ'ভাৰব্ৰীজৰ ডিভাইডাৰত খুন্দা মাৰি মৃত্যুক সাৱটি লয় এজন কলেজীয়া ছাত্রই (Bike rider died in road accident)। শংকৰদেৱ নগৰৰ শংকৰবস্তিৰ কুনাল চৌহান নামৰ লংকা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰজনে কলেজৰ পৰা ঘৰলৈ বুলি নিজৰ AS 31 A 8731 নম্বৰৰ স্কুটাৰখনেৰে তীব্ৰ বেগেৰে আহি থাকোতে দুৰ্ঘটনাত পতিত হৈ থিতাতে মৃত্যুক সাৱটি লয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.