শোকত ম্ৰিয়মান তেজস্বিতাৰ সহপাঠী - শোকত ভাগি পৰিছে তেজস্বিতাৰ সহপাঠী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16576239-thumbnail-3x2-majuki.jpg)
শোকস্তব্ধ মাজুলীবাসী ৷ আজিও মাজুলীত শুনা গৈছে কান্দোনৰ ৰোল ৷ সকলোকে কন্দোৱাই কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি গ’লগৈ মাজুলীৰ কণমানি কন্ঠশিল্পী তেজস্বিতা বৰুৱা ৷ তেজস্বিতাই অধ্যয়ন কৰা আইলেণ্ড একাডেমীতো শোকত ভাগি পৰিছে তেজস্বিতাৰ সহপাঠী তথা শিক্ষকবৃন্দ ৷ আজি অৰ্থাৎ শুকুৰবাৰে পুৱা বিদ্যালয়খনত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Pays tribute to Tejaswita Baruah) ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে সকলো শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে (Tribute ceremony of Tejaswita Baruah at Island Academy) ৷ সকলোৰে মুখে মুখে এটাই কথা, এইটোৱেই হওক শেষ এনে ঘটনা । এনে যাতে পুনৰাবৃত্তি নহয় মাজুলীত ৷ তেজস্বিতাৰ দৰে ঘটনা যাতে দুনাই নহওক ৷