বিধায়ক বিশ্বজিৎ ফুকনৰ গছপুলি ৰোপন কাৰ্যসূচী - সৰুপথাৰ সমষ্টি
🎬 Watch Now: Feature Video
পৰিৱেশ দিৱস উপলক্ষে সৰুপথাৰ সমষ্টিত বিধায়ক বিশ্বজিৎ ফুকনৰ গছপুলি ৰোপন কাৰ্যসূচী ৷ এই দিৱসৰ লগত সংগতি ৰাখি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে পুৱাৰে পৰা মহকুমা প্ৰশাসন আৰু বন বিভাগ তথা ৰাইজৰ সহযোগত সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সৰ্বমুঠ ১৬০০০ গছপুলি ৰোপন কৰাৰ কাৰ্যসূচী হাতত লয় । কাৰ্যসূচী অনুসৰি তেওঁ দৈগ্ৰোং, মৰঙি, ছেৱাগুৰি, পদুমনি ৰেডক্ৰচ চচাইটি কাৰ্যালয়ৰ চৌহদ, সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন, পশ্চিম বৰপথাৰ আৰু গেলাবিল তিনিআলিত গছপুলি ৰোপন কৰে ৷ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ বাবে গছপুলি ৰোপন কৰাটো অতি আৱশ্যক বুলি মন্তব্য কৰি তেওঁ সকলো ৰাইজক গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায় ।