চাৰৰ পেন্ট ফালিল: ৰিক্সাৱালাক চৰিয়াই চাৰে দেখুৱালে বীৰত্ব

By

Published : Jul 4, 2022, 1:46 PM IST

thumbnail
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি যোৰহাটৰ এজন যান বাহন আৰক্ষী বিষয়াৰ । এটা ভিডিঅ'ত ফাদিল হ'ল অসম আৰক্ষীৰ প্ৰকৃত ছবি । কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যে আৰক্ষীয়ে কোনো ঠেলাৱালা ,ৰিষ্কাৱালাৰ ওপৰত কোনো কাৰণতে হাত তুলিব নোৱাৰিব । কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল যোৰহাট চহৰত । যোৰহাটৰ ৰাজপথত এজন ৰিক্সাৱালাৰ ওপৰত বৰমতা দেখুৱালে এজন যান-বাহন আৰক্ষীয়ে(Traffic Police torture civilians) । যোৰহাট নগৰৰ এ টি ৰোডৰ বি অ' চি তেলডিপোৰ সমীপত দেওবাৰৰ দুপৰীয়াভাগত দেখা গ'ল এই দৃশ্য । ৰিক্সাৱালাজন পাৰ হৈ যাওঁতে কেনেবাকৈ ৰিক্সাৰ চকাৰ গজাল লাগি আৰক্ষীজনৰ পেণ্টটো অকণমান ফাটিল । ইয়াতে ক্ষুব্ধ হৈ ৰিক্সাৱালাজনক ধৰি প্ৰহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । ইমানেই নহয় পেন্ট চিলাই দিবলৈ ধন বিচাৰি ৰিক্সাৱালাগৰাকীক ধমক দিয়ে আৰক্ষীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.