thumbnail

By

Published : Sep 16, 2022, 8:13 PM IST

ETV Bharat / Videos

পুলিবৰ আৰক্ষীৰ জালত মাজুলীৰ এটা গভাইত চোৰ

শুকুৰবাৰে মাজুলীত পুলিবৰ আৰক্ষীৰ জালত পৰে এটা গভাইট চোৰ (Thief arrested by Pulibor Police) ৷ যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত এঘৰ লোকৰ ঘৰত দিন দুপৰতে ডকাইতি কৰাৰ অভিযোগত পুলিবৰ থানাত ৰুজু হোৱা 177/22, 454 under /380 IPC গোচৰৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে মাজুলীৰ গোঁসাইবাৰীৰ ভাস্কৰ বৰাক ৷ একেদিনাই বহুকেইটা পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ধৃত ভাস্কৰৰ পৰা সোণ, নগদ টকাৰ লগতে এটা কেমেৰা আৰু এখন বাইকো আৰক্ষীয়ে জব্দ কৰে (Thief incident at Pulibor) ৷ ইতিমধ্যে অপৰাধী ভাস্কৰৰ দুখনকৈ চুৰি বাইক পূৰ্বৰে পৰাই আৰক্ষীৰ জিম্মাত আছে বুলি আৰক্ষীয়ে জনায় ৷ সম্প্ৰতি পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাস্কৰক যোৰহাটলৈ লৈ যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.