Smuggled beef seized: তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গো-মাংস - Smuggled beef seized at Dolabari in Tezpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2022, 6:50 PM IST

তেজপুৰৰ দোলাবাৰীত আৰক্ষীৰ গো-মাংস বিৰোধী অভিযান । অভিযানত জব্দ কুইণ্টলে কুইণ্টলে গো-মাংস(Smuggled beef seized at Dolabari in Tezpur) ।এখন বলেৰ পিক আপ ভানত কঢ়িয়াই আনি থকা অৱস্থাত বৰঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে গো মাংসখিনি । দীৰ্ঘদিন ধৰি ব্ৰইলাৰ আৰু মাছৰ কাৰ্টনত গোপনে গো-মাংস সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু সেই সূত্ৰেই আৰক্ষীয়ে অভিযান চলাই গো-মাংসসহ বাহনখন জব্দ কৰাৰ লগতে আটক কৰে দুজনকৈ লোকক । আটকাধীন লোক দুজনৰ এজনৰ নাম মুজিবুৰ ৰহমান আৰু আনজনৰ নাম বচন টামাং বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সৰবৰাহৰ চেষ্টা চলাইছিল দুই সৰবৰাহকাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.