জগদুৱাৰ ৰঙালী বিহু সন্মিলনৰ আদৰণীয় পদক্ষেপ - অনুষ্টুপীয়াকৈ জগদুৱাৰস্থিত
🎬 Watch Now: Feature Video

টীয়কৰ অন্যতম পুৰণি বিহু উদযাপন সমিতি জগদুৱাৰ বিহু সন্মিলনে পুনৰ দেশৰ ক’ভিডৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি পহিলা ব’হাগৰ দিনাই অনুষ্টুপীয়াকৈ জগদুৱাৰস্থিত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি নাট্যমন্দিৰত আয়োজন কৰে । পুৱা পতাকা উত্তোলন, দুপৰীয়া চেমনীয়া আৰু বয়জ্যেষ্ঠসকলে চৰকাৰী নীতি-নিৰ্দেশনা অৱলম্বন কৰি হুঁচৰি প্ৰদৰ্শন কৰাৰ লগতে সন্ধিয়া অঞ্চলটোৰ সকলো একত্ৰিত হৈ এহেজাৰ এশ এঘাৰ গছি বন্তি জ্বলাই দেশৰ পৰিস্থিতি অতি সোনকালে সুস্থ হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । সুস্থ পৃথিৱী শীৰ্ষক বন্তিৰে সজাই সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰি সকলোকে এনেদৰেই সতৰ্কতা অৱলম্বন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান জনায় ।