thumbnail

By

Published : Jul 12, 2022, 11:00 AM IST

ETV Bharat / Videos

Tense situation on Assam-Meghalaya border: বকোৰ আপাৰ তাৰাবাৰীৰ পৰা খেদিলে অসমীয়াক

অসম-মেঘালয় সীমান্তত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি (Tense situation on Assam-Meghalaya border again)। সীমান্তৰ পৰা খেদি পঠিয়ালে অসমৰ অৰ্ধশতাধিক অসমীয়া লোকক(Miscreants deported Assamese People from border) । দুয়োখন ৰাজ্য়ৰ মাজত ভূমি বিবাদ চলি থকাৰ মাজতে সীমান্তত অসমৰ ভূমিৰ পৰাই অসমৰ লোকক বিতাৰিত কৰাৰ অভিযোগ উঠিছে । যাৰ ফলত জাৰিহাটৰ আৰছুৰ কাৰ্যালয়ত একাংশ লোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । কাৰ্যালয়টোত শিশু, মহিলাসহ আশ্ৰয় লৈছে ১৫ গৰাকী লোকে । তাৰোপৰি আন একাংশই আশ্ৰয় লৈছেগৈ আত্মীয়ৰ গৃহত । অসম-মেঘালয় সীমান্তৰ আপাৰ তাৰাবাৰীৰ ৰংচঙৰ পৰা মেঘালয়ৰ লোকে খেদি পঠিয়ালে অসমৰ এইসকল লোকক । ঐতিহাসিক সীমা সমস্যা সমাধানৰ তথ্য় অনুসৰি আপাৰ তাৰাবাৰী হৈছে অসমৰ ভূখণ্ড । ছাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ অনুসৰিও বৃহত্তৰ আপাৰ তাৰাবাৰী অসমৰ ভূখণ্ডৰ তালিকাভুক্ত। তাৰ পিছতো মেঘালয়ৰ একাংশ লোকে এনেদৰে আক্ৰমণ চলাই আহিছে । উত্থাপিত অভিযোগ মতে, আপাৰ তাৰাবাৰীৰ সমগ্ৰ অঞ্চলটোক মেঘালয়ত চামিল কৰাৰ চক্ৰান্ত ৰচিছে মেঘালয়ৰ একাংশ লোকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.