ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

By

Published : Sep 9, 2022, 12:28 PM IST

thumbnail

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এটি স্কুলীয়া ছাত্রৰ(Student drowns in Brahmaputra) । মহানগৰীৰ আমগাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ(Student deadbody recover) । আমগাঁও লক্ষ্মী মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত উদ্ধাৰ হয় মৃতদেহটো(Student dies falling into Brahmaputra) । পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো আমগাঁৱৰ মানৱ ক্ৰ' বুলি জানিব পৰা গৈছে । মানৱ ক্ৰ' বোন্দা উচ্চ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল । বৃহস্পতিবাৰে আবেলি বিদ্যালয়ৰ পৰা উভতি অহাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ছাত্রজন । ইতিমধ্যে SDRF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.