Street play in Mangaldoi, স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ অভিনৱ প্ৰচাৰ - 75th years of Independence of India
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16082071-482-16082071-1660288388989.jpg)
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th years of Independence of India) উপলক্ষে সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) ৷ প্ৰতিখন ঘৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানত ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতত লৈছে বিভিন্ন কাৰ্যসূচী । কিন্তু মঙলদৈ পৌৰসভাই ৰাইজক সজাগ কৰাৰ উদ্দেশ্য়ে হাতত লৈছে অভিনৱ কাৰ্যসূচী । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ এলেকাত মঙলদৈ পৌৰসভাৰ সদস্য সকলে বৃহস্পতিবাৰে বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰে । মঙলদৈ পৌৰসভাৰ এলেকাত তিনিটা স্থানত পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু খণ্ড আয়ুক্তই বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক আগন্তুক স্বাধীনতা দিৱস উপলক্ষে প্ৰতিখন ঘৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ১৩,১৪ আৰু ১৫ আগষ্টত তিনিদিনীয়াকৈ ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।
Last Updated : Aug 13, 2022, 12:47 PM IST