মাজুলীত উদযাপন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ - Sankardeva birth anniversary celebrated in Majuli
🎬 Watch Now: Feature Video
মাজুলীত উদযাপন জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱৰ ৫৭৪ তম জন্মোৎসৱ (574th birth anniversary of Srimanta Sankardeva) । ভকত বৈষ্ণৱৰ নাম-কীৰ্তন, খোল-তালৰ শব্দ, গীত-ভটিমাৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী ৷ জিলাখনৰ ৩৫খন সত্ৰত আয়োজন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ । মহাপুৰুষ শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱক লৈ মাজুলীত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে (Srimanta Sankardeva birth anniversary celebrated in Majuli)। জিলাখনৰ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে আলোচনা চক্ৰ, মুকলি সভা আৰু বৰগীত, দিহা নামৰ প্ৰতিযোগিতাও । মুঠৰ ওপৰত এক আধ্যত্মিক পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত ৷