Srimanta Sankardev Sangha: আৰম্ভ হ’ল শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিৱেশন - Sankardev Sangha jorhat district annual conference begins

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2022, 4:05 PM IST

যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা গজপুৰীয়াৰ কৰ্মযোগী মুখ্যশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা সমিতিৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশন (Sankardev Sangha jorhat district annual conference begins) ৷ শনিবাৰে জিলা শাখা সভাপতিয়ে অধিৱেশনৰ মূল ধৰ্মধ্বজ্জা এক সুন্দৰ আধ্যাত্মিক পৰিবেশৰ মাজত উত্তোলন কৰে । পতাকা উত্তোলনৰ লগে লগে উপস্থিত ভকত বৈষ্ণৱে হৰি নামৰ ধ্বনিৰে পৰিবেশ মুখৰিত কৰি তোলে । ইপিনে কভিডসৃষ্ট পৰিবেশৰ বাবে এইবাৰ সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত পতাকা উত্তোলনৰ পাছতে উক্ত ক্ষেত্ৰখনত অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ চাৰিওফালে ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰে বৈষ্ণৱসকলে । শনিবাৰে বিয়লি ৰাম বিজয় অংকীয়া ভাওনাখনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.