কলিয়াবৰৰ বিভিন্ন স্থান চেনিটাইজেশ্যন কৰিলে যুৱ পৰিষদে - The corona epidemic
🎬 Watch Now: Feature Video

কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোঁহাইৰ নেতৃত্বত সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চলতো চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নগাঁও যুৱ পৰিষদৰ বিষয়ববীয়া সকলে সহযোগিতা আগবঢ়াই কৰ'ণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে কলিয়াবৰত চেনিটাইজেশ্বন কৰাৰ লগতে আৰ্তজনৰ ওচৰত খাদ্য সামগ্ৰী বিতৰণ কৰে। যুৱ পৰিষদৰ এই চেনিটাইজেশ্যন কাৰ্যসূচীত কেন্দ্ৰীয় কমিটীৰ সম্পাদক মনি মাধৱ মহন্তই সহযোগিতা আগবঢ়োৱাৰ লগতে কুঁৱৰীটোলতো এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷