অখিল গগৈক সাক্ষাৎ ৰূপজ্যোতি কুৰ্মীৰ
🎬 Watch Now: Feature Video
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কাৰাবন্দী তথা শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক সাক্ষাৎ কৰে । সাক্ষাতৰ পূৰ্বে বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বিভিন্ন প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে শপত গ্ৰহণ কৰি চৰকাৰ গঠনেৰে বিজেপি মিত্রজোঁটে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিব লাগিছিল বুলি ব্যক্ত কৰে কুৰ্মীয়ে । ভেকচিনৰ নাটনি তথা ৰাজভঁড়াল উদং হৈ থকাৰ এই সময়ত মুখ্যমন্ত্ৰীত্বৰ যুঁজে ৰাইজৰ ক্ষতি কৰাৰ কথাও ব্যক্ত কৰে । লগতে নেতৃত্বৰ ভুলৰ বাবে কংগ্ৰেছৰ ক্ষতি হোৱা বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে তিতাবৰৰ নৱনিযুক্ত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই শিৱসাগৰৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক সাক্ষাৎ কৰে ।
Last Updated : May 6, 2021, 9:51 PM IST