কাজিৰঙাত পৰ্যটকে প্ৰত্যক্ষ কৰিলে ঢেকীয়াপতীয়া বাঘ
🎬 Watch Now: Feature Video
যোৱা ২ অক্টোবৰত ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে মুকলি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opens for tourists) । উদ্যানখন মুকলিৰ পিছতে প্ৰথমবাৰৰ বাবে ঢেকীয়াপতীয়া বাঘ দৰ্শন লাভ কৰি উৎফুল্লিত পৰ্যটক (Tiger habitat in Kaziranga National Park) । ভাগ্যৱান এই পৰ্যটকৰ দলটো কলিকতাৰ বুলি জানিব পৰা গৈছে । উদ্যানখনৰ বাগৰী ৰেঞ্জত বাঘৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হয় দলটোৱে । এবাৰ নহয় দুবাৰকৈ বাঘৰ দৃশ্য দেখি আপ্লুত পৰ্যটকৰ দলটো । পৰ্যটকৰ দলটো উদ্যান দৰ্শনৰ বাবে গৈছিল বিকাশ ৰাউটিয়া নামৰ টুৰিষ্ট গাইডজনৰ জীপচীত । উল্লেখ্যে যে বিগত বৰ্ষত কাজিৰঙাত অভিলেখ হাৰত বাঘৰ দৰ্শন লাভ কৰিছিল পৰ্যটকে ।
Last Updated : Oct 7, 2022, 7:58 PM IST