বান পৰিস্থিতিৰ বুজ ল'বলৈ ২৬ জুনত অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দল - কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2022, 9:35 AM IST

নেৰানেপেৰা বৰষুণৰ পাছতে অসমৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে (Flood situation in Assam)। বৰ্তমানেও 32 খন জিলাৰ বান পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ আছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বান সাহায্য প্রদানৰ বাবে জিলা উপায়ুক্ত সকলক  নিৰ্দেশ প্ৰদান কৰিছে । কেন্দ্ৰীয় চৰকাৰ অসমৰ বান পৰিস্থিতিক লৈ অধিক উদিগ্ন হোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ আৰু গৃহ মন্ত্ৰীয়ে ফোনযোগে বান পৰিস্থিতিৰ খবৰ লোৱা বুলি জানিবলৈ দিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ কয় যে, ২৬ জুনত অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দল আহি অসমত উপস্থিত হ'ব (Central team to visit Assam)। দলটোৱে ৰাজ্যখন পৰিভ্ৰমণ কৰি বুজ ল'ব পৰিস্থিতিৰ । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উজনি অসমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জৰাজীৰ্ণ অৱস্থাক লৈ ৰাইজৰ সমানেই চিন্তিত বুলি কয় । এই বিষয়ে  ইতিমধ্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীক জনোৱা হৈছে বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.