thumbnail

By

Published : Mar 25, 2021, 4:05 PM IST

ETV Bharat / Videos

সংকল্প পত্ৰ উন্মোচনৰ উদ্দেশ্যে যোৰহাটত ৰণজিত দাসৰ সংবাদমেল

বৃহস্পতিবাৰে যোৰহাটত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত সভাপতি গৰাকীয়ে উন্মোচন কৰে বিজেপিৰ সংকল্প পত্ৰ ৷ সংকল্প পত্ৰ উন্মোচনী সংবাদমেলখনত কংগ্ৰেছক আক্ৰমনাত্মকভাৱে সমালোচনা কৰাৰ লগতে এই সংকল্প পত্ৰত অসমৰ জন গনৰ মনৰ কথা আছে আছে বুলি উল্লেখ কৰে ৷ বিগত পাঁচ বছৰত বিজেপি চৰকাৰে কি কি উন্নয়ণ সাধিলে তাৰ এক খতিয়ান দাঙি হৈছে বুলি উল্লেখ কৰি ৰণজিত দাসে কয়,বানৰ বাবে ১০০ কোটি টকা, ২২ লাখ মহিলাৰ বাবে অৰুণোদয় আঁচনি,ভূমিহীন লোকক ভূমিপট্টা দিয়া আৰু এক লাখ যুৱক-যুৱতীক সংস্থাপন ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে ৷ কংগ্ৰেছক কটাক্ষ কৰি দুজন গগৈৰ এজনো নাই আৰু আগৰ কংগ্ৰেছও নাই, গতিকে এতিয়া কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত লগ হৈ চৰকাৰ গঠনৰ চিন্তা কৰে বুলি উল্লেখ কৰে ৰণজিত দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.