Rangali Bihu 2022 : মিছামাৰীত ঘৰে ঘৰে ৰঙালীৰ ৰং - Bihu workshop at Misamari
🎬 Watch Now: Feature Video

অসমীয়া জাতিৰ হেঁপাহৰ ৰঙালী বিহুৰ বাবে ৰাজ্যজুৰি বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ ৷ ঢোল-পেঁপাৰ শব্দত ৰজনজনাই উঠিছে শোণিতপুৰৰ মিছামাৰী অঞ্চলো ৷ পহিলা ব‘হাগৰ দিনটোত মিছামাৰী আঞ্চলিক বিহু সমিতিয়ে মিছামাৰীবাসীৰ ঘৰে ঘৰে গৈ হুঁচৰি গায়(Rangali Bihu celebration at Misamari) গৃহস্থক আশীৰ্বাদ দিয়া পৰিলক্ষিত হয় ৷ বিহু হুঁচৰি দলটোৰ লগত মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালা(Bihu workshop at Misamari)ত অংশগ্ৰহণ কৰা নাচনীসকলে অংশগ্ৰহণ কৰাও দেখা যায় ৷