Rangali Bihu celebration in Sonitpur: চাৰিদুৱাৰত বিহু নাচিলে বিধায়ক পদ্ম হাজৰিকাই - অভিনেত্ৰী নিশিতা গোস্বামী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2022, 11:32 AM IST

‘‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোঁ ৷ তাতোকৈ চেনেহৰ ৰঙালী বিহুটি, নেনাচি কেনেকৈ থাকো’’ ৷ ঢোল-পেঁপাৰ মাতত এতিয়া ৰজন জনাইছে ৰাজ্যৰ চৌদিশ (Rangali Bihu in Assam) ৷ ডেকা-বুঢ়া সকলোৰে গাত নাই এতিয়া তত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক পদ্ম হাজৰিকা(MLA Padma Hazarika)ও ৷ পহিলা ব'হাগৰ দিনাই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ কন্যকাত উপস্থিত হৈ এপাক বিহু নাচিলে বিধায়ক গৰাকীয়েও ৷ বিধায়ক গৰাকীক সংগ দিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে (Actress Nishita Goswami) ৷ ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে অভিনেত্ৰী গৰাকীয়ে । চাৰিদুৱাৰত এখন ৰেষ্টুৰেণ্ট শুভাৰম্ভ কৰি ৰাইজৰ সৈতে বিহু জুৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে । কন্যকাত উপস্থিত হোৱা হুঁচৰি দলৰ সৈতে একেলগে হুঁচৰি গাই হুঁচৰি দলৰ পৰা আশীষ ল’লে বিধায়ক পদ্ম হাজৰিকা আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে । লগতে সেই স্থানৰ পৰাই বিধায়কগৰাকীয়ে অসমৰ বিহুক বিশ্ব দৰবালৈ নিয়াৰ লগতে অসমৰ কলা সংস্কৃতি জীয়াই ৰাখি সকলোকে কৰ্মমুখী হ’বলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.