লখিমপুৰ পলিটেকনিকত চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ - Grad IV workers protest with different demands
🎬 Watch Now: Feature Video

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাটস্থিত লখিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ(Protest at Lakhimpur Polytechnic College) । প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ ১১ মাহৰ দৰমহাৰ ধন মুকলি কৰি দিয়ক, চাকৰি নিয়মীয়াকৰণ কৰক, আমাৰ জীৱনৰ মূল্য দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক আদি শ্ল'গানেৰে মহাবিদ্য়ালয়খনৰ পৰিৱেশ উত্তাল কৰি তোলে(Grad IV workers protest with different demands) । উল্লেখ্য যে অসমৰ ১১ খন নৱনিৰ্মিত পলিটেকনিক আৰু ২ খন ইঞ্জিনিয়াৰিং কলেজৰ মুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ১১ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে । তাৰোপৰি প্ৰতিবাদকাৰী সকলৰ মতে নিশা-দিন একাকাৰ কৰি কলেজৰ কামত নিয়োজিত হৈ আছে যদিও এইসকল কৰ্মচাৰীয়ে নূন্যতম যি দৰমহা লাভ কৰে সেই দৰমহাই পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । যেতিয়ালৈকে ৰাজ্য চৰকাৰে দাবী সমূহ মানি নলয় তেতিয়ালৈকে কৰ্ম বিৰতি পালন কৰি যাব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।
TAGGED:
লখিমপুৰ পলিটেকনিক কলেজ