ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ মহিলাৰ - Protest against price hike
🎬 Watch Now: Feature Video
নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক । তাৰ মাজতে 7 মে’ৰ পৰা 14.2 কেজি ওজনৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হ'ল 50 টাককৈ (Domestic cylinder price hiked by 50 rupees)। ফলত উপায়বিহীন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে অঞ্চলটোৰ মহিলাসকলে কৰিলে এক ব্যতিক্ৰমী প্ৰতিবাদ (Protest against hike in LPG prices) ৷ আমগুৰিৰ দেওধাই গাঁৱত চিলিণ্ডাৰ ৰাজপথলৈ উলিয়াই আনি চৰকাৰৰ সুমতিৰ কাৰণে শৰাইত তামোল-পাণ, ধূপ জ্বলাই প্ৰাৰ্থনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় প্ৰতিবাদী মহিলাসকলে (Protest against price hike) ৷