হায় উন্নয়ন: ঠেলাত উঠাই প্ৰসূতিক লৈ যোৱা হ'ল চিকিৎসালয়লৈ - Pregnant woman taken on handcart to hospital
🎬 Watch Now: Feature Video
এক হৃদয়বিদাৰক দৃশ্য ৷ এটা জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে বোকাখাতৰ এখন গাঁৱৰ ৰাইজক (Pathetic road condition at Bokakhat) ৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই ঠেলাত উঠায়েই চিকিৎসালয়লৈ নিবলগীয়া হ'ল প্ৰসূতিক (Pregnant woman taken on handcart to hospital) ৷ স্বাস্থ্যসেৱা আৰু যাতায়তৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজালেও আজি পৰ্যন্ত নিৰ্মাণ নহ’ল বোকাখাতৰ বংকুৱাল-এলেংমাৰী সংযোগী পথছোৱা ৷ সম্প্ৰতি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৰক যন্ত্ৰণা ভুগিছে অঞ্চলটোৰ ৰাইজে ৷ ফলত খঙত অগ্নিশৰ্মা হৈ অতি সোনকালে পথটি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷