কাকপথাৰত গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আটক ডাকমাষ্টৰ - কাকপথাৰত গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16147573-thumbnail-3x2-fghbbgf.jpg)
তিনিচুকীয়াৰ কাকপথাৰত ৰক্ষকেই ভক্ষকৰ ৰূপত এজন ডাক মাষ্টাৰ ৷ গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আটক এজন ডাকমাষ্টৰ (Postmaster arrested in Tinsukia) ৷ আৰক্ষীয়ে আটক কৰা ডাক মাষ্টৰজনৰ নাম মণিষ হাজৰিকা ৷ অভিযোগ অনুসৰি বিশ্বনাথ শ্বাহ নামৰ গ্ৰাহকগৰাকীৰ একাউণ্টৰ পৰা আত্মসাৎ কৰিছিল ধন (Postmaster arrested for embezzling customers money at Kakopathar) ৷ প্ৰায় লক্ষাধিক টকা আত্মসাৎ কৰিছিল ডাকমাষ্টৰজনে ৷ ধৃত ডাক মাষ্টৰ মণিষ হাজৰিকাই কাকপথাৰ আৰক্ষী থানাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হয় ৷