তিনিচুকীয়া আৰক্ষীৰ জালত অবৈধভাৱে সৰবৰাহ কৰা কাপোৰ ভৰ্তি ট্ৰাক - smuggled clothes in Tinsukia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16349751-631-16349751-1662976166595.jpg)
সমাগত দুৰ্গা পূজা । তাৰ পূৰ্বে সম্প্ৰতি কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ । এনে ধৰণেই বিগত কিছুদিন ধৰি তিনিচুকীয়াত চলি আছে কাপোৰৰ এখন অবৈধ ব্যৱসায় । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা ৰে'লেৰে কঢ়িয়াই অনা চালানবিহীন বৃহৎ পৰিমানৰ কাপোৰ জব্দ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে । সোমবাৰে পুনৰ পুৱাৰ ভাগতে তিনিচুকীয়াৰ লোহিয়া পথত নথি বিহীন ভাৱে কঢ়িয়াই অনা কাপোৰ ভৰ্তি AS06 AC7366 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে (Police seized truck loaded with illegally smuggled clothes) ৷ ট্ৰাকখন তিনিচুকীয়াৰ সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে অবৈধ ভাৱে কাপোৰৰ ব্যৱসায় কৰি যোৱা চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিব দিছে । ইপিনে টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দীপাংকৰ গগৈয়ে এটা বনিক গোষ্ঠীয়ে উৎসৱ-পাৰ্বন আহিলেই এনে ধৰণৰ কাপোৰৰ অবৈধ ব্যৱসায়ত নামি পৰে বুলি তুলিলে অভিযোগ । লগতে কৰ ফাঁকিৰে চলাই অহা কাপোৰৰ ব্যৱসায়ীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায় ।