Narcotic tablets seized in Barpeta: ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ জালত আবুল কালাম - বৰপেটা আৰক্ষীৰ ব্যাপক সফলতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15820970-thumbnail-3x2-barpeta.jpg)
বৰপেটা আৰক্ষীৰ ব্যাপক সফলতা ৷ বৃহস্পতিবাৰে বৰপেটাত জব্দ প্ৰায় ৫৭ হাজাৰ ৫০০ টা নিচাযুক্ত টেবলেট (Police seized large quantity of narcotic tablets in Barpeta) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আবুল কালাম নামৰ এজন লোকে এখন টেম্প'ৰে আনি আছিল জব্দকৃত টেবলেটখিনি ৷ তথ্য অনুসৰি, বহিঃৰাজ্যৰ পৰা বৰপেটালৈ আহিছিল নিচাযুক্ত টেবলেটখিনি ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই কথা গম পাই বৃহস্পতিবাৰে বৰপেটা ৰোড আৰক্ষীৰ সহযোগত বৰপেটা সদৰ আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে বৰপেটা ৰোডৰ পৰা ভেৰালদি গাঁৱলৈ গৈ থকা অৱস্থাত বৰপেটাৰ প্ৰশান্তি ল'জৰ সন্মুখত টেম্প'সহ জব্দ কৰে নিচাজাতীয় টেবলেটখিনি (Narcotic tablets seized in Barpeta)৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত আবুল কালাম ৷ অৱশ্যে ঘটনা সন্দৰ্ভত বৰপেটাৰ আৰক্ষীয় বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷