ড৹ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰালে প্ৰধানমন্ত্ৰী মোডীয়ে - এখন ৰাজ্যত সাতখন চিকিৎসালয় মুকলি
🎬 Watch Now: Feature Video
'' ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ।'' ড৹ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতৰ কলি আওৰাই ডিব্ৰুগড় খনিকৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ডিব্ৰুগড়ৰ নৱনিৰ্মিত কেঞ্চাৰ কেয়াৰ হাস্পতালৰ লগতে ৰাজ্যৰ আন ছযখন কেঞ্চাৰ কেয়াৰ হাস্পতাল শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM opened cancer care hospital in Dibrugarh) ৷ ভাষণ প্ৰসংগত তেওঁ কয়, " অসমৰ জনসাধাৰণক কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ (Cancer treatment for Assamese people) সুবিধা উৎসৰ্গা কৰি অত্যন্ত সুখী অনুভৱ কৰিছোঁ ৷ কিন্তু মই আশা কৰোঁ যাতে কোনো লোক অসুখী নহয় । অসমৰ ৰাইজ চিকিৎসালয়লৈ যোৱাটো মই নিবিচাৰো ।'' তথাপিও আপোনালোকৰ সেৱাৰ বাবে আমি সাজু থাকিম। কাৰণ কেঞ্চাৰত ইতিমধ্য বহু দুখীয়া মানুহ সমস্যাত পৰি আহিছে ।'' ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, এতিয়া সময় সলনি হ'ল । এদিনত এখন ৰাজ্যত সাতখন চিকিৎসালয় মুকলি হয় । কেঞ্চাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সদায় চেষ্টা কৰি আহিছে (Cancer care for NE people) ।