আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব পাথাৰকান্দি আৰক্ষী - covid sop
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11752878-thumbnail-3x2-kmj.jpg)
ৰাজ্যজুৰি কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যত বলবৎ হৈছে কেতবোৰ নতুন কঠোৰ নীতি ৷ বুধবাৰে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদমেল যোগে নতুন নীতি-নিৰ্দেশনাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ পাচতো বিভিন্ন ঠাইত সজাগ হোৱা নাই একাংশ লোক ৷ বিশেষকৈ পাথাৰকান্দিৰ বজাৰত দেখিবলৈ পোৱা গ'ল ব্যাপক ভিৰ ৷ ক'ভিড প্ৰট'কল ভংগ কৰি একাংশ অসচেতন লোক ওলাই আহিল ঈদৰ বজাৰ কৰিবলৈ ৷ লগে লগে চহৰখনত সষ্টম হৈ পৰিল পাথাৰকান্দি আৰক্ষী ৷ জিলাখনৰ লোকসকলক সাৱধানতা অৱলম্বন কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি দিয়ে আৰক্ষীয়ে ৷