ধুবুৰীত ডাম্পাৰৰ দৌৰাত্ম্য: আৰক্ষীয়ে জব্দ কৰিলে বহুকেইখন ডাম্পাৰ - অভাৰল’ডেড ডাম্পাৰৰ অতপালি
🎬 Watch Now: Feature Video
ধুবুৰীত ডাম্পাৰৰ দৌৰাত্ম্য ৷ কোকৰাঝাৰ হৈ বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় জাহাজঘাটলৈ দৈনিক চলে শ শ অভাৰলোডেড ডাম্পাৰ (Overloaded dumpers seized at Bilasipara) ৷ এই অভাৰলোডেড ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলাই বৃহস্পতিবাৰে আৰক্ষীয়ে বিলাসীপাৰাত এনে বহুকেইখন ডাম্পাৰ জব্দ কৰে ৷ জব্দকৃত ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে AS26 C 8901, AS26 C 8902, AS26 C 8996, AS26 C 8997, BR06 GB 2441, AS17 C 5659, AS16 AC 4126 আৰু AS17 C 5911 ৷ পৰৱৰ্তী সময়ত জব্দকৃত ডাম্পাৰকেইখন বন বিভাগ আৰু পৰিবহণ বিভাগক চমজাই দিয়া বুলি জানিব দিয়ে ধুবুৰী আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক অভাৰল’ডেড ডাম্পাৰৰ অতপালি দেখি অহাৰ পাছতো এই ক্ষেত্ৰত ধুবুৰী পৰিবহণ বিভাগে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় সচেতন নাগৰিকৰ ৷