শোকৰ বন্যা বৈছে অ’এনজিচিৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত

By

Published : Apr 21, 2021, 10:25 AM IST

Updated : Apr 21, 2021, 1:24 PM IST

thumbnail
বিগত বৰ্ষৰ 21 ডিচেম্বৰত অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা দুগৰাকী অভিযন্তা অপহৃত হোৱাৰ পাচতে পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ প্ৰায় 6 মাহ পূৰ্বে শিক্ষা সাং কৰি চাকৰিত যোগদান কৰা সৰ্বাইবন্ধাৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত বৈছে শোকৰ বন্যা ৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি কৰ্মস্থলীত যোগদান কৰা অভিযন্তা গৰাকীয়ে মাত্ৰ দুদিন পূৰ্বে ঘৰৰ পৰা গৈছিল কৰ্মস্থলীলৈ ৷ বুধবাৰে ৰাতিপুৱা অপহৰণৰ খবৰ বিয়পি পৰাত দুখত ভাগি পৰিছে মাতৃ লণি শইকীয়া আৰু ভাতৃ অনুৰাগ শইকীয়া ৷ 2009 চনত পিতৃহাৰা হোৱা তিনি সন্তানক বুকুত বান্ধি কঠোৰে সংগ্ৰামেৰে পুত্ৰক উপযুক্ত কৰি তোলা মাতৃ গৰাকীয়ে অতি সোনকালে পুত্ৰক মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে ৷
Last Updated : Apr 21, 2021, 1:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.