চাৰি মাহ পূৰ্বে হৈছিল বিয়া; স্বামী গৃহতে চিপ ল’লে মহিলাই

By

Published : May 4, 2022, 9:19 PM IST

thumbnail

দক্ষিণ কৰিমগঞ্জৰ কেউটি গাঁৱত এগৰাকী মহিলাৰ আত্মহত্য়াৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ স্বামী গৃহত চিপ লৈ থকা অবস্থাত উদ্ধাৰ কৰা হয় ৰাহেনা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ (One women committed suicide in Karimganj) । যৌতুকৰ বাবে হত্যা কৰা হৈছিল ৰাহেনাক হত্যা কৰাৰ অভিযোগ ৰাহেনাৰ পিতৃ গৃহৰ (Allegation of Killing for dowry in Karimganj) ৷ উল্লেখ্য যে, বিগত 8 মাহ পূৰ্বে জাহিদুল হক'ৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৰাহেনা বেগম ৷ বিবাহৰ পিছৰে পৰাই জাহিদুলে ৰাহেনাৰ পৰিয়ালৰ পৰা যৌতুকৰ দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে পাথাৰকান্দি আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.