Pistol recovered at Amguri: পিষ্টল-সজীৱ গুলীৰে সৈতে আমগুৰিত আটক যুৱক - Pistol recovered at Amguri
🎬 Watch Now: Feature Video

আমগুৰিত এটা .32 পিষ্টলৰ সৈতে আটক এজন যুৱক(One arrested with pistol at Amguri in Sivasagar) ৷ চণ্টকস্থিত ১২ আসাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই আমগুৰি থানাৰ সন্মুখত মঙলবাৰে আটক কৰে যুৱকজনক ৷ অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা পিষ্টলটো(Pistol recovered at Amguri) ৰ লগতে জব্দ কৰে 5 জাঁই .32 পিষ্টলৰ সজীৱ গুলী আৰু এটা ম’বাইল হেণ্ডছেট ৷ দলটোৱে আটক কৰা যুৱকজন ডিমাপুৰৰ চামাগুৰিৰ ৰমেশ ৰায় বুলি জানিব পৰা গৈছে ৷ আমগুৰি ৰে’ল ষ্টেচনৰ পৰা যোৰহাটলৈ বুলি যোৱাৰ পথতে যুৱকজনক আটক কৰে অভিযানকাৰী দলটোৱে ৷