Kati Bihu 2022: কঙাল পথাৰলৈ চাই মাজুলীৰ কৃষকৰ বিননি

By

Published : Oct 17, 2022, 9:51 PM IST

thumbnail

কাইলৈ কাতি বিহু(Kati Bihu 2022) । কিন্তু কাতি বিহুৰ আনন্দ নাই মাজুলীৰ একাংশ কৃষকৰ(No celebration of Kati Bihu in Majuli) । তাৰ পৰিৱৰ্তে বানে তচনচ কৰি থৈ যোৱা পথাৰলৈ চাই মাজুলীৰ কৃষকে টুকিছে চকুলো । কিয়নো আহিনৰ বানে ধুই থৈ গ'ল মাজুলীৰ কৃষকৰ সেউজীয়া সপোন । বোকা পলসৰ মাজত পোত গ'ল নৈ পৰিয়া কৃষকৰ পথাৰ । আহিনৰ বানে কঙালী কৰি গ'ল মাজুলীৰ কৃষকক । আহিনৰ বানে ৰবি শস্যৰ ব্যাপক ক্ষতি কৰিলে(Flood in Majuli) । পানী শুকাই যোৱাৰ পাছত খেতি ডৰালৈ চাই চকুলো টুকিছে মাজুলীৰ কৃষকে । নৈ-পৰীয়া সোণাৰি আতি, বামুণ গাঁও খোৰাহোলা, মাজগাঁও, আলিমূৰৰ কৃষকৰ হাহাকাৰ পৰিস্থিতি । কাতি বিহু বুলি পথাৰত চাকি জ্বলাবলৈ নাই লখিমী । কৃষিজীৱি অসমীয়া অতি গুৰুত্বপূৰ্ণ এই বিহু উদযাপন নকৰে নৈ পৰিয়া কৃষকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.