ক'ভিড-১৯ কলৈ সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ নগাঁও স্বাস্থ্য বিভাগৰ - ৰেপিড এন্টিজেন টেষ্ট
🎬 Watch Now: Feature Video
পুনৰ ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ শংকিত হৈছে সচেতন মহল। ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে। ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত ৰাজহুৱা স্থানত ক'ভিড-১৯ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে নগাঁও স্বাস্থ্য বিভাগে। মঙলবাৰৰ পৰা স্বাস্থ্য বিভাগৰ এটা দলে চহৰখনৰ বাছ আস্থানসমূহত আৰম্ভ কৰিছে কৰ'ণা পৰীক্ষা। মঙলবাৰে ৰূপহীহাট ছিণ্ডিগেটত কৰ'ণা পৰীক্ষা আৰম্ভ কৰে স্বাস্থ্য বিভাগে। যাত্ৰীবাহী বাহনৰ চালক, হেণ্ডিমেনৰ লগতে সাধাৰণ যাত্ৰীৰো কৰা হৈছে কৰ'ণা পৰীক্ষা । উল্লেখ্য যে, আগন্তক পাঁচদিনলৈকে ৰাজহুৱা স্থানত কৰ'ণা পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে।