আন্তৰ্জাতিক মাতৃ দিৱস: টীয়কৰ এগৰাকী সফল মাতৃৰ কথাৰে... - মাতৃ
🎬 Watch Now: Feature Video
আজি আন্তৰ্জাতিক মাতৃ দিৱস । প্ৰতিগৰাকীয়ে মাতৃয়ে নিজ নিজ সন্তানক প্ৰতিষ্ঠিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰে । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজ সন্তানৰ হিতৰ বাবে এগৰাকী মাতৃয়ে কৰা সৰ্বোচ্চ ত্যাগৰ উদাহৰণ আমাৰ সমাজত বহু আছে । এনে এগৰাকী মাতৃ হৈছে টীয়কৰ জগদুৱাৰ নপমুৱাৰ নিৱাসী মীনা বৰুৱা । স্বামীৰ মৃত্যুৰ পাচত সন্তানক মানুহ কৰাৰ স্বাৰ্থত আনৰ ঘৰত হাজিৰা কৰি অতি কষ্টেৰে সন্তানক পঢ়া-শুনা কৰোৱাইছিল মীনা বৰুৱাই । এইগৰাকী মাতৃৰ এনে কষ্টৰ ফলত তেওঁৰ সন্তান আজি অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া হিচাপে প্ৰতিষ্ঠিত হৈছে । এইগৰাকী সফল মাতৃক লৈ মাতৃ দিৱসৰ এক বিশেষ প্ৰতিবেদন...