ৰঙালীৰ ৰঙত মতলীয়া মৰাণহাট আৰক্ষী - হেঁপাহৰ বিহুটি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15024337-thumbnail-3x2-bihu.jpg)
আজি পহিলা ব’হাগ ৷ অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুৰ বাবে ৰাজ্যত এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো মানুহ বিহুৰ দিনা পুৱাৰে পৰা দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ (Rangali Bihu 2022) ৷ পিছপৰি ৰোৱা নাই মৰাণহাট আৰক্ষী বিষয়াৰ জোৱানসকলো । বিহুৰ বতৰত ঘৰৰ আত্মীয়সকলৰ পৰা নিলগত তথা কৰ্মস্থলীত থাকিও এৰিব পৰা নাই বিহুৰ মোহ । সেয়ে মানুহ বিহুৰ দিনাই মৰাণহাট আৰক্ষী থানাৰ চৌহদতে আৰক্ষী বিষয়া তথা জোৱানসকলে বিহু নাম জুৰি পালন কৰে হেঁপাহৰ বিহুটি (Moranhat police officer celebrates Bihu) ।