নিজ গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা মৰাণৰ ৰাইজৰ - ক'ভিড পৰিস্থিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11976570-thumbnail-3x2-img.jpg)
অনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মৰাণত ৰাইজে নিজেই এখন গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে, কিয়নো প্ৰায় প্ৰত্যেক দিনেই অঞ্চলটোত নতুন'কৈ ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ আছে ৷ দেওবাৰে ২নং লুকুমাই গাঁৱত স্বাস্থ্য বিভাগৰ এটা দলে ৪৭ জনক ক’ভিড পৰীক্ষা কৰিছিল । ইয়াৰে ১৯ জনৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ পাচতে ২ নং লুকুমাইৰ লগতে হুংহুঙীয়া তথা দাঁতিকাষৰীয়া গাঁওসমূহত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । ক’ভিড আক্ৰান্তসকল হোম আইচলেশ্যনত থকাৰ পৰিৱৰ্তে গাওঁখনৰ পৰা যাতে দাঁতিকাষৰীয়া গাঁৱলৈ ক’ভিড সংক্ৰমিত নহয় তাৰবাবে স্থানীয় গাঁওবুঢ়া, ৱাৰ্ড সদস্য আৰু আশাকৰ্মীয়ে মিনি কণ্টেইমেণ্ট জ’ন কৰি পথত বাঁহ বান্ধি দিছে । উল্লেখ্য যে, প্ৰশাসনে ক’ভিড আক্ৰান্ত হৈ হোম আইচলেশ্যনত থকা পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চেনিটাইজেশ্বন কৰিব লাগিছিল যদিও তাৰ বাবে এইপৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই ।
Last Updated : Jun 1, 2021, 6:37 PM IST